Jump to ratings and reviews
Rate this book

নৈখন এতিয়া দূৰৈত

Rate this book
২০১২ চন ৷ অসমৰ সাধাৰণ মধ্যবিত্ত পৰিয়াল এটাত ডাঙৰ হোৱা ৰাজীৱ ইংৰাজী সাহিত্য পঢ়িবলৈ আমেৰিকালৈ আহিছে ৷ তাতেই এখন আলোচনা চক্ৰত গৱেষণা পত্ৰ এখন পাঠ কৰিবলৈ যাঁওতে লগ পায় আডায়’মীক ৷ দুয়োৰে লগে লগেই গঢ় লয় প্ৰেমৰ সম্পৰ্কৰ ৷ কিন্তু আডায়’মীৰ সৈতে সময় কটাই ৰাজীৱে চাবলৈ শিকে এখন অন্য আমেৰিকা : এই আমেৰিকাখন দৃস্টিনন্দন নহয়, এই আমেৰিকাখনত আছে বৰ্ণবৈষম্য, এই আমেৰিকাখনৰ সকলো দিশতে চলে শ্বেতাংগৰ ৰাজত্ব ৷ বাৰাক অ’বামাৰ দৰে আফ্ৰিকান-আমেৰিকান ৰাস্ট্ৰপতি এজন থকা স্বত্তেও সেইখন আমেৰিকাত দিনৌ বৈষম্যৰ বলি হয় অশ্বেতাংগ লোক ৷ আডায়’মীয়ে এনেবোৰ কথাৰ বিষয়েই লিখামেলা কৰে ৷ কিন্তু বৰ্ণবৈষম্যৰ সৈতে যুজিঁ-যুজিঁ আডায়’মী হৈ পৰিছে তিক্ত-বিৰক্ত আৰু সেই তিক্ততায় প্ৰভাৱ পেলায় ৰাজীৱ-আডায়’মীৰ প্ৰেমৰ সম্পৰ্কতো ৷ ৰাজীৱ আৰু আডায়’মীৰ প্ৰেম সফল হ’বনে?ইমান দুৰ্বাৰ প্ৰেম থকা সত্বেৱো কিয় দুয়ো বাৰে বাৰে দুফালে গুছি যায়?

নৈখন এতিয়া দূৰৈত মাথোঁ আডায়’মী আৰু ৰাজীৱৰেই প্ৰেমকাহিনী নহয় ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই নতুন ৰূপ দেখি ৰাজীৱে ভাবিছে বাৰে বাৰে অসমৰ কথা : অসমীয়া মধ্যবিত্তীয় ধ্যান-ধাৰনা, নৈতিক-অনৈতিকৰ মেৰু, প্ৰেম, বিবাহ, আদি সকলোৰে প্ৰতি ৰাজীৱে প্ৰশ্ন তুলি ভাবিছে এখন বৃহত্তৰ অসমীয়া সমাজৰ কথা, ভাবিছে কেনে হ’ব সেই সমাজ, কোন থাকিব সেই সমাজখনত আৰু কোনোবা দিনা সম্ভৱ হ’বনে তেনে এখন শান্তিপ্ৰিয় সমাজ ?ৰাজীৱৰ চিন্তা প্ৰগতিশীল, আধুনিক, শান্তিকামী ৷ সেই চিন্তনে হয়তো জোঁকাৰি যাব অসমীয়া মানুহৰ শুচিবায়ুগ্ৰস্থ চিন্তাধাৰা, কিন্তু ৰাজীৱৰ প্ৰশ্নবোৰ সাম্প্ৰতিক অসমীয়া সমাজে কেইবাবাৰো ভাবি চাবলৈ বাধ্য হ’ব ৷ আমেৰিকাৰ পটভূমিত লিখা এখন সামাজিক উপন্যাস যদিও নৈখন এতিয়া দূৰৈত এখন হাড়ে হিমজুৱে অসমীয়া উপন্যাস ৷

Hardcover

First published July 1, 2019

Loading...
Loading...

About the author

Aruni Kashyap

15 books72 followers
Aruni Kashyap is the author of The Way You Want To Be Loved, The House With a Thousand Stories, and the forthcoming How to Date a Fanatic. Along with editing a collection of stories called How to Tell the Story of an Insurgency, he is the translator of four novels from Assamese to English. A 2024 Carl and Lily Pforzheimer Foundation Fellow at Radcliffe Institute for Advanced Study, Harvard University, he is also the recipient of a National Endowment for the Arts Fellowship, the Faculty Research Grants in the Humanities and Arts Program, the Arts Lab Faculty Fellowship, and the Charles Wallace India Trust Scholarship for Creative Writing to the University of Edinburgh, his poetry collection, There is No Good Time for Bad News, was nominated for the 58th Georgia Author of the Year Awards 2022, a finalist for the Marsh Hawk Press Poetry Prize, and the Four Way Books Levis Award in Poetry.
His translations, which have been shortlisted for the 2023 and 2024 Armory Square Prize for South Asian Literature in Translation and VOW Book Awards 2024, include The Bronze Sword of Tengphakhri Tehsildar by Indira Goswami (Zubaan), My Poems Are Not for Your Ad Campaign by Anuradha Sarma Pujari (Penguin), An Illuminated Valley by Dipak Kumar Barkakaty (Penguin), and Ten Love Stories and a Story of Despair (Westland). He has served as a visiting writer at Lander University, Minnesota State University, Converse University, The College of William & Mary, Valdosta State University, Dibrugarh University, Assam Don Bosco University, and delivered the Tagore Lecture in Modern Indian Literature at Cornell University. His short stories, poems, and essays have appeared in Granta, The Boston Review, Electric Literature, Catapult, Bitch Media, The Kenyon Review, The LitHub, The Oxford Anthology of Writings from the Northeast, The New York Times, The Guardian UK, and others. He also writes in Assamese and is the author of a novel, Noikhon Etia Duroit, and three novellas. He is an Associate Professor of English & Creative Writing and the Director of the Creative Writing Program at the University of Georgia, Athens.

Ratings & Reviews

What do you think?
Rate this book

Friends & Following

Create a free account to discover what your friends think of this book!

Community Reviews

5 stars
4 (100%)
4 stars
0 (0%)
3 stars
0 (0%)
2 stars
0 (0%)
1 star
0 (0%)
Displaying 1 - 2 of 2 reviews
1 review
August 22, 2025
“নৈখন এতিয়া দূৰৈত”

ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ”অনুৰাধাৰ দেশত” আৰু অনুৰাধা শৰ্মা পূজাৰীৰ “হৃদয় এক বিজ্ঞাপন“—এই দুয়োখন উপন্যাসতেই অংকিত হৈছিল গতানুগতিক সামাজিক উপন্যাসসমুহৰ বিপৰীতে এক নতুন ধাৰা, এক নতুন জগতৰ চিত্ৰন৷ অগতানুগতিক কাহিনী, ভুমুকি মৰা চৰিত্ৰবোৰৰ যথাযথ তথা বিশ্বাসযোগ্য উপস্থাপন আৰু পৰিৱেশ নিৰ্মাণৰ দক্ষতাই এই দুয়োখন উপন্যাসকেই অসমীয়া উপন্যাস জগতত এক নিজস্ব স্থায়ী আসন উলিয়াই লোৱাত সহায় কৰিছে৷ এই দুয়োখন উপন্যাসৰ একেটা শাৰীতে মই যোগ দিব বিচাৰিছোঁ আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক Aruni Kashaypৰ “নৈখন এতিয়া দূৰৈত” নামৰ উপন্যাসখনক যিখন উপন্যাসত ঔপন্যাসিকগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আমাৰ বাবে তেনেই অচিনাকি কিন্তু বাস্তৱ পৰিৱেশ এটা সাৱলীলভাৱে ফুটাই তুলিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে আৰুণি কাশ্যপে মাথো আমেৰিকাৰ ক্ষয়িষ্ণু, আত্মকেন্দ্ৰিক আৰু বৰ্ণবৈষম্যৰে সিক্ত সমাজখনৰ কথাকে উপন্যাসখনত অংকিত কৰা নাই, উপন্যাসখনত তেওঁ যেতিয়াই সুবিধা পাইছে, তেতিয়াই তেওঁৰ জন্মভূমি অসমৰ কথা গৌৰৱেৰে স্মৰণ কৰিছে, সমস্যাবোৰৰ সৈতে তুলনাও কৰিছে৷ অৰ্থাৎ এগৰাকী অসমীয়াৰ দৃষ্টি আৰু চিন্তাধাৰাৰেই তেওঁ উপন্যাসখনৰ মূল চৰিত্ৰ “ৰাজীৱ“ক পৰিচালিত কৰি ৰাখিলে৷ সম্ভৱতঃ সেইবাবেই তেওঁ উপন্যাসখনৰ আৰম্ভণিতে “কৃতজ্ঞতা“ত উল্লেখ কৰাৰ দৰে জনৈক পাঠকে উপন্যাসখন পঢ়ি তেওঁকে “ৰাজীৱ“ বুলি কৰা “ককৰ্থনা“ৰো সন্মুখীন হ’বলগীয়া হৈছিল!
আমাৰ সমাজখনৰ বিত্তশালী, উচ্চ মধ্যবিত্ত আৰু মধ্য বিত্তশালী সমাজৰ বহুতৰ বাবেই আমেৰিকা বা মাৰ্কিন যুক্তৰাষ্ট্ৰ বুলিলে এক বিলাসী, ৰংচঙীয়া মায়াবী পৃথিৱীৰ কথা কল্পনা কৰোঁ৷ কিন্তু আধুনিক বিজ্ঞান-প্ৰযুক্তি, সা-সুবিধা আদিৰ চৰম উৎকৰ্ষতাৰ আঁৰতো আমেৰিকাৰ কচম’পলিটান সমাজখনত বৰ্ণবৈষম্যৰ যি অসহিষ্ণুতা আৰু বিভৎস ৰূপ আছে, শ্বেতাংগ আৰু অনাশ্বেতাংগৰ মাজত এক অলিখিত মচিব নোৱাৰা ব্যৱধান আছে, সেয়া নিজেই সন্মুখীন নহ’লে অনুভৱ কৰা টান৷ Black lives matter শীৰ্ষক সমাজিক আৰু ৰাজনৈতিক আন্দোলনটোৱেই ইয়াৰ প্ৰকৃষ্ট উদাহৰণ৷ শোষণেই হৈছে আমেৰিকাৰ সমৃদ্ধিৰ আঁৰৰ মূল চাবিকাঠি৷
“নৈখন এতিয়া দূৰৈত“তো ঔপন্যাসিক আৰুণি কাশ্যপে উপন্যাসখনত ভুমুকি মৰা আডায়’মী, জুলী, ব্ৰেডলি, উষা হাজৰিকা, প্ৰফেছৰ নাথানিয়েল আদি বহুকেইটা চৰিত্ৰৰ যোগেদি আমেৰিকাৰ সমাজখনৰ সেই বৰ্ণবাদী শোষকৰ ৰূপটোক স্পষ্টৰূপত ফুটাই তুলিছে, অতি নিপুণভাৱে, দক্ষতাৰে৷ লগতে উপস্থাপন কৰিছে আমেৰিকান সমাজখনৰ তথাকথিত ভদ্ৰতা আৰু সৌজন্যতাৰ নামত থকা কথাবোৰ যিবোৰ আমাৰ সমাজখনৰ বাবে তেনেই অচিনাকি আৰু সৰু সৰু নগণ্য প্ৰসংগ৷ যেনেকৈ কোনোবাই কাৰোবাক লগ ধৰিবলৈ বা কাৰোবাৰ ঘৰত যাবলৈ আগতীয়াকৈ জনাই অনুমতি ল’ব লাগিব৷ হঠাতে কোনেও উপস্থিত হৈ আমনি কৰিব নোৱাৰিব৷ কিবা এটা সহায় কৰিলে, তাৰ বিনিময়ত ধন্যবাদ নিদিলে সেয়া চৰম অভদ্ৰামী হিচাপে বিবেচিত হয় আনকি সম্পৰ্কতো চেদ্‌ পৰিব পাৰে!
সন্দেহ নাই, উপন্যাসখনৰ মূল চৰিত্ৰ “ৰাজীৱ” ঔপন্যাসিক আৰুণিৰে সৃষ্ট এটা কল্পিত চৰিত্ৰ৷ কিন্তু “ৰাজীৱ“ পৰিচালিত হৈছে ঔপন্যাসিক আৰুণিৰ ৰাজনৈতিক দৰ্শন, সামাজিক চিন্তাধাৰা আৰু প্ৰেম তথা জীৱনৰ প্ৰতি থকা দৃষ্টিভংগীৰে৷
উপন্যাসখনত উল্লেখিত কেইটামান দফাৰ উদাহৰণলৈ মন কৰক—
“তাই যেতিয়া ভাৰতীয়-ইংৰাজী সাহিত্যিকসকলৰ প্ৰতিখন কিতাপৰে বেটুপাতত শাৰী পিন্ধা নাৰী এগৰাকীৰ অৱয়ব,তাজমহলৰ ধূসৰ ছবি, মেহেন্দী সনা হাতৰ ছবি নহ’লে যেন সেইখন ভাৰতীয় উপন্যাসেই নহ’ব বুলি ঠাট্টা কৰি কৈছিল, তেতিয়া সি হাঁহিত ফাটি পৰিছিল, খাই থকা লেম’নেডত চৰচৰণি খাইছিল, আৰু তাইলৈ আঙুলি টোৱাই টোঁৱাই কৈছিল, “মাই গড, একদম ঠিক কথা কৈছা তুমি৷ আমেৰিকান পঢ়ুৱৈক তথাকথিত কিছুমান চিহ্ন চকুৰ সন্মুখত দাঙি নধৰিলে সিহঁতে যে কিতাপেই নিকিনিব, যেন বুজিয়েই নাপাব৷ কিন্তু চোৱা কিমান ক্ষতি কৰিছে আমাৰ সাহিত্যৰ, এই মানুহবোৰৰ এনে মনোবৃত্তিৰ বাবে৷ ভাৰত বুলি ক’লেই সিহঁতৰ চকুত ভাঁহি উঠে মেহেন্দী বোলোৱা হাত, ম’ৰা চৰাইৰ ছবি, সাধু-সন্যাসী আৰু বাঘ, সিংহ মন্দিৰ৷ জটিল ভাৰতীয় বাস্তৱৰ ছবি থকা ভাৰতীয় ভাষাতে লিখা উপন্যাস, সেয়া কেতিয়াও আমেৰিকা-ইংলেণ্ডত প্ৰকাশ নহয়৷ মহাশ্বেতা দেৱীৰ নাম শুনিছা? গায়ত্ৰী চক্ৰৱৰ্তীৰ দৰে কলম্বিয়া বিশ্ববিদ্যালয়ত কাম কৰা প্ৰফেছাৰে অনুবাদ কৰা সত্বেও আমেৰিকাৰ কেইজন ডাঙৰ প্ৰকাশকে প্ৰকাশ কৰিছে তেওঁৰ লেখা আৰু তাৰ ফলত কি হৈছে? কিছুমান অলগৰ্দ্ধ ভাৰতীয় লেখকৰ কিতাপ আমেৰিকা আৰু ইংলেণ্ডত ভাৰতীয় সাহিত্য বুলি বিক্ৰী কৰা হয়, পঢ়ুওৱা হয়৷ ঝুম্পা লাহিড়ী, অৰুন্ধতী ৰয়, ৰুশ্বডীৰ কথা মই ক’ব যোৱা নাই৷ অ’ জানানে, অৰুন্ধতী ৰয়ৰ জন্ম ক’ত হৈছিল?”
(পৃঃ৩৩-৩৪)

“তাৰ ক’বৰ মন গৈছিল আমেৰিকালৈ অহাৰ আগে আগে তাৰ অসমীয়া পঢ়ুৱৈ এজনৰ লগত হোৱা এটা বিতৰ্কৰ কথা৷ তেওঁ বেয়া পাইছিল, সি তাৰ গৱেষণা গ্ৰন্থখনত কোনো বিখ্যাত আৰু জনপ্ৰিয় অসমীয়া সাহিত্যিকৰ বিষয়ে আলোচনা নকৰি এজন স্বল্পখ্যাত লেখকৰ বিষয়ে আলোচনা কৰিবলৈ লোৱাৰ কাৰণে ভাল পোৱা নাছিল, আৰু সি মানুহজনক বুজাব পৰা নাছিল যে বিখ্যাত, জনপ্ৰিয় নাইবা পুৰস্কৃত সাহিত্যিক হ’লেই যে ভাল সাহিত্যিক নহ’বও পাৰে৷” (পৃঃ৩৫)
“গাড়ীখন ষ্টাৰ্ট দি জুলীয়ে কৈছিল, “আমি এখন অদ্ভুত সমাজত বাস কৰো জানা ৰাজীৱ৷“
“কিয় ক’লা? কিয় ক’লা তেনেকৈ?“
“আজি মই তোমাক কথাখিনি কৈ কিমান সকাহ পাইছোঁ, তুমি কল্পনাও কৰিব নোৱাৰা৷ আমাৰ ইয়াত মানুহৰ মানুহৰ বাবে সময় নাই৷ আমি ইমান ব্যক্তিকেন্দ্ৰিক৷ ইমান নিজক লৈ ব্যস্ত থাকোঁ৷ আমাৰ মন বেয়া লাগিলেই আমি মনোবিজ্ঞানীৰ ওচৰলৈ দৌৰো৷ তেওঁলোককহে ফীজ দি মনৰ কথা খুলি কওঁ৷ সেয়ে আমাৰ ইয়াত থেৰাপিষ্টবোৰে বছৰি নিযুতৰ পিছত নিযুত ডলাৰ আৰ্জে৷“ (পৃঃ৪৭-৪৮)

“সি আডায়’মীৰ ক্ষোভৰ কথা ভাবি ভাবি অসমৰ কথা ভাবিছিল৷ অসমতো চাগে কত আডায়’মী আছে! অসমীয়া মানুহৰ উগ্ৰ জাতীয়তাবাদৰ ফলত সদায় কপাহী কাপোৰৰ দৰে গাৰ ছালৰ পৰা পানী শুহি লোৱাৰ দৰে নানানটা ভাষা-সম্প্ৰদায়ৰ মানুহ নিজৰ মাজত শুহি লৈ লৈ আহি থকা জাতি এটা হঠাতে ক্ৰমান্বয়ে হৈ পৰিছে সংকুচিত৷ অসমৰ বড়ো মানুহৰ মাজত, অসমৰ মিচিং-নেপালী-কাৰ্বি - বিহাৰী- মৰাণ- মাৰোৱাৰীৰ মাজত নাই নে হেজাৰ হেজাৰ আডায়’মী? (পৃঃ১১২)
“একদম ঠিক কথা কৈছা৷“—এইবুলি উষা হাজৰিকা থিয় হ’ল৷ ব্যৱহৃত প্লেটৰ দমটোৰ ঠাইত নিজৰ প্লেটখন থৈ কয়—“ব’লা আৰু খানা লওঁগৈ৷ অ’ কি কৈ আছিলোঁ, একদম ঠিক কথা কৈছা তুমি৷ আজি জানো ভাৰতৰ কথা পেপাৰত পঢ়ি মোৰ খং নুঠে? কিন্তু মই কি কৰিব পাৰোঁ? তাৰ কাৰণেতো মই তোমাৰ ভিনিয়েৰাক কেটেৰা-জেঙেৰা মাৰি কথা ক’ব নোৱাৰোঁ? এজন শিক্ষক হিচাপে ভাৰতৰ ভিভিন্ন সমস্যাৰ বিষয়ে মই কথা পাতি, মানুহক কৈ বা কথা-বতৰাত অংশ লৈ সজাগতা আনিব পাৰোঁ৷ তুমি মানৱাধিকাৰ আৰু সাহিত্যৰ কথা চিন্তা কৰা৷ তাৰ বিষয়ে লিখালিখি কৰা, গৱেষণা কৰা৷ তোমাৰ কৰ্মৰ জৰিয়তে সজাগতা আনিবলৈ চেষ্টা কৰা, নহয় জানো? কাজিয়া কৰি থাকিলে জানো কিবা লাভ হ’ব? আপচেট হৈ থাকি নিজৰ মানুহৰ সৈতে কাজিয়া কৰিলে জানো হ’ব?” (পৃঃ১৬২)
“আমি দেশ ৰক্ষাৰ নামত জীৱন দিছিলোঁ এসময়ত, কিন্তু আমাৰ মানুহবোৰেইচোন দেশৰ মানুহৰ পৰাই, আমাৰ দেশৰ ৰাজনীতিবিদবোৰৰ পৰাই নিৰাপদ নহয়৷ ছিঃ ছিঃ! বেয়া নেপাবা, গান কন্ট্ৰ’ল যদি তুমি সমৰ্থন নকৰা, তেনেহ’লে তুমি আমেৰিকাত ঘটি যোৱা ইমানবোৰ অনৰ্থক গণহত্যাক সমৰ্থন কৰাৰ নিচিনা হয়৷ আমি এখন বন্দুকবিহীন সমাজ বিচাৰো৷ সকলোৰে হাতত যদি বন্দুক থাকে, শান্তি আৰু নিৰাপত্তা ক’ৰপৰা আহিব? কথাটো কিমান অবান্তৰ ভাবাচোন, নিজকে ৰক্ষা কৰিবলৈ আৰু শান্তি বৰ্তাই ৰাখিবলৈ মানুহবোৰে যদি বন্দুক বিচাৰে?” (পৃঃ১৭৯)
“আডায়’মী, আমি যিমানেই কথাটো তল পেলাবলৈ চেষ্টা নকৰো কিয়, সত্যতো এইটোৱেই যে আমি এতিয়াও ইটোৱে সিটোৱে দুৰ্বাৰ ভাল পাওঁ৷ সত্যটো এইটোৱেই যে আমি যদিও ইটোৱে সিটোক ভাল পাওঁ, আমি একেলগে থাকিব নিবিচাৰো, পতি-পত্নী হ’ব নোখোজো আৰু আজি আমি এই কথা আৰু এবাৰ নতুনকৈ উপলব্ধি কৰিছোঁ৷ মই কিন্তু কৰিছোঁ৷ তুমি কৰিছানে নাই বা?“
আডায়’মীয়ে ওঁঠ কামুৰি কিছুপৰ ৰৈ যায়৷ তাৰ পাছত কয়, ’তুমি ঠিকেই কৈছা৷ কিন্ত এইটো কেনেধৰণৰ সম্পৰ্ক ৰাজীৱ?“
’সকলোৰে সংজ্ঞা থকাটো জানো জৰুৰী? সকলোবোৰ গতানুগতিকভাৱে হোৱাটো জানো জৰুৰী?“
’নাজানোঁ৷“
’আডায়’মী, তুমি নাভাবানে যে relationships are more about companionships and conversations, about finding the best friend who you also have sex with.“ (পৃঃ১৯২-১৯৩)

আচৰিতভাৱে উপন্যাসখনৰ ১৫নং অধ্যায়লৈকে সাৱলীলভাৱে গৈ থকা গতি আকস্মিকভাৱি য’তি পৰে ১৬ নং তথা উপন্যাসখনৰ অন্তিম অধ্যায়টোত৷ অতি খৰকৈ আৰু আকস্মিকভাৱে দৃশ্যপটত পৰিৱৰ্তন আনি উপন্যাসখনৰ কাহিনীভাগ থাপিথুপি সামৰণি পেলাব চেষ্টা কৰা যেন অনুভৱ হ’ল৷ অধ্যায় পোন্ধৰত ব্ৰেডলিৰ ৰহস্যজনক গুলীচালনাত আডায়’মীৰ মৃত্যু হ’ল৷ কিয় গুলী চলালে ব্ৰেডলিয়ে? ৰাজীৱে কেনেকৈ, কেতিয়া আৰু কিহৰ বাবে অসমলৈ ঘুৰি আহিল? কেট আৰু জুলীয়ে ৰাজীৱক বিচাৰি আহি ৰাজীৱহঁতৰ গাঁৱৰ ঘৰ ওলালহি৷ সেই সময়তো তেওঁলোকৰ মাজত ইমান নিস্পৃহ কথোপকথন??
কেতিয়াবা কেতিয়াবা বৰ্ণনাৰ বাহুল্যতা থকাৰ অনুভৱ হ’লেও “নৈখন এতিয়া দূৰৈত“ পঢ়ি পঢ়ুৱৈয়ে অকণো বিমুখ নহ’ব৷ দৰাচলতে এই উপন্যাসখনৰ যোগেদি আৰুণি কাশ্যপে এগৰাকী শক্তিশালী তথা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ঔপন্যাসিক হিচাপেই আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ অসমীয়া উপন্যাস সাহিত্যত আমেৰিকাৰ সততে পোহৰলৈ নহা বৰ্ণবৈষম্যৰ ৰূপটোক সফলতাৰে ফুটাই তুলিবলৈ সক্ষমো হৈছে৷
Profile Image for Nayanjyoti Baruah.
4 reviews
Read
July 26, 2026
‘নৈখন এতিয়া দূৰৈত’: প্ৰব্ৰজন, বৰ্ণবাদ আৰু আত্ম-অন্বেষণৰ এক সমকালীন আখ্যান

আৰুণি কাশ্যপৰ নৈখন এতিয়া দূৰৈত এখন উল্লেখযোগ্য সমকালীন উপন্যাস। উপন্যাসখন পঢ়ি অনুভৱ হয় যে ই কেৱল এক ব্যক্তিৰ জীৱন-যাত্ৰাৰ কাহিনী নহয়; বৰং ইয়াৰ অন্তৰালত প্ৰব্ৰজন, পৰিচয়, বৰ্ণবাদ, সামাজিক মূল্যবোধ, ব্যক্তিস্বাধীনতা, সাংস্কৃতিক সংঘাত আৰু মানৱীয় সম্পৰ্কৰ জটিলতাক লৈ এক গভীৰ অনুসন্ধান নিহিত হৈ আছে। বিশেষকৈ ভাৰত, তথা অসমৰ সামাজিক-সাংস্কৃতিক পৰিৱেশ আৰু আমেৰিকাৰ সমাজ-সংস্কৃতিৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্যক লেখকে এক অন্তৰ্নিহিত তুলনামূলক দৃষ্টিৰে উপস্থাপন কৰিছে। কিন্তু এই তুলনা কোনো এখন সমাজক আন এখনৰ তুলনাত শ্ৰেষ্ঠ বা হীন প্ৰতিপন্ন কৰাৰ বাবে নহয়; বৰং দুয়োটা সমাজৰ মাজত থকা সাংস্কৃতিক মূল্যবোধ, ব্যক্তিস্বাধীনতা, সামাজিক হস্তক্ষেপ আৰু মানৱীয় জটিলতাক অন্বেষণ কৰাৰ এক সাহিত্যিক প্ৰয়াস।

এই উপন্যাসখনৰ আলোচনাত স্বাভাৱিকভাৱেই আন এক প্ৰশ্ন উত্থাপিত হয়—নৈখন এতিয়া দূৰৈত বাৰু লেখক আৰুুণি কাশ্যপৰ আত্মজীৱনীমূলক আখ্যান নেকি? অৱশ্যে লেখকে নিজেই উপন্যাসখন আত্মজীৱনী নহয় বুলি স্পষ্ট কৰিছে। সেয়ে ইয়াক আত্মজীৱনী বুলি অভিহিত কৰাটো যুক্তিসংগত নহ’ব। তথাপি এগৰাকী পাঠক হিচাপে উপন্যাসখন পঢ়ি মুখ্য চৰিত্ৰ ৰাজীৱৰ জীৱন-অভিজ্ঞতা আৰু লেখকৰ জীৱন-অভিজ্ঞতাৰ মাজত কিছুমান সাদৃশ্য অনুভৱ নকৰাটোও কঠিন। ৰাজীৱৰ অসমৰ পৰা আমেৰিকালৈ যাত্ৰা, উচ্চশিক্ষা আৰু গৱেষণাৰ সৈতে জড়িত অভিজ্ঞতা, বিদেশৰ সমাজ-সংস্কৃতিৰ প্ৰত্যক্ষ পৰ্যবেক্ষণ—এই সকলোবোৰ উপাদানে পাঠকৰ মনত স্বাভাৱিকভাৱেই এই প্ৰশ্নৰ জন্ম দিয়ে।

অৱশ্যে এই সাদৃশ্যক আত্মজীৱনীমূলক সমতা হিচাপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে সাহিত্যিক ৰূপান্তৰৰ প্ৰক্ৰিয়া হিচাপে চোৱাটোহে অধিক যুক্তিসংগত। সম্ভৱতঃ লেখকে নিজৰ ব্যক্তিগত অভিজ্ঞতা, পৰ্যবেক্ষণ আৰু উপলব্ধিৰ কিছু অংশ ৰাজীৱৰ চৰিত্ৰত সন্নিৱিষ্ট কৰিছে; কিন্তু তাৰ সৈতে কল্পনা আৰু সাহিত্যিক স্বাধীনতাৰো সংযোজন ঘটিছে। সেয়েহে ৰাজীৱক লেখকৰ সম্পূৰ্ণ প্ৰতিচ্ছবি বুলি ক’ব নোৱাৰি। বৰং তেওঁ লেখকৰ অভিজ্ঞতা, সামাজিক পৰ্যবেক্ষণ আৰু কল্পনাৰ এক সাহিত্যিক সংমিশ্ৰণ। চৰিত্ৰটোৰ ব্যক্তিগত জীৱনৰ কিছুমান বিতৰ্কিত আৰু নৈতিকভাৱে অস্পষ্ট দিশো লেখকে সচেতনভাৱে উপস্থাপন কৰিছে, যাৰ ফলত ৰাজীৱ কোনো আদৰ্শায়িত নায়ক হৈ নাথাকি এক জটিল, অসম্পূৰ্ণ আৰু বাস্তৱসন্মত মানৱ চৰিত্ৰত পৰিণত হৈছে।

উপন্যাসখনৰ শিৰোনামাটোৱেই ইয়াৰ অন্তৰ্নিহিত তাৎপৰ্যৰ এক গুৰুত্বপূৰ্ণ চাবিকাঠি। ‘নৈখন এতিয়া দূৰৈত’—প্ৰথম দৃষ্টিত এই নামটোৱে যেন কেৱল এখন নৈৰ ভৌগোলিক দূৰত্বৰ কথাহে সূচায়। কিন্তু উপন্যাসখনৰ সামগ্ৰিক আখ্যানৰ সৈতে সংযুক্ত কৰিলে স্পষ্ট হয় যে ‘নৈ’ ইয়াত এক শক্তিশালী ৰূপক। এই নৈ ৰাজীৱৰ শৈশৱ, গাঁও, মাতৃভূমি, শিপা, স্মৃতি আৰু প্ৰকৃত পৰিচয়ৰ প্ৰতীক। যি নৈ এসময়ত তেওঁৰ জীৱনৰ একেবাৰে কাষত আছিল, জীৱনৰ আকাংক্ষা আৰু প্ৰব্ৰজনৰ সোঁতত সেই নৈয়েই ক্ৰমাৎ তেওঁৰ পৰা আঁতৰি গৈছে। সেয়েহে শিৰোনামাটোৱে কেৱল ভৌগোলিক দূৰত্ব নহয়, মানুহ আৰু তেওঁৰ শিপাৰ মাজত সৃষ্টি হোৱা মানসিক আৰু অস্তিত্বগত দূৰত্বকো সূচায়।

কাহিনীৰ কেন্দ্ৰত আছে এজন অসমীয়া যুৱক—ৰাজীৱ। কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু শিক্ষাৰ জৰিয়তে অসমৰ এখন সৰু ঠাইৰ পৰা ওলাই তেওঁ আমেৰিকাৰ মিনেছ’টালৈ গৱেষণামূলক কামৰ সৈতে জড়িত এক সুযোগ লাভ কৰে। এখন জকাইচুকৰ দৰে গাঁৱৰ পৰা আমেৰিকাৰ দৰে উন্নত দেশৰ আধুনিক জীৱনধাৰা, ডাঙৰ অট্টালিকা আৰু নতুন সামাজিক পৰিৱেশলৈ তেওঁৰ এই যাত্ৰাই প্ৰথম দৃষ্টিত এক সফলতা আৰু সম্ভাৱনাৰ কাহিনী যেন অনুভৱ কৰায়। অসমৰ দৰে এখন ঠাইৰ পৰা অহা এজন যুৱকে নিজৰ মেধা আৰু অধ্যৱসায়ৰ জৰিয়তে বিদেশত উচ্চশিক্ষা আৰু গৱেষণাৰ সুযোগ লাভ কৰাটো নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ বাবে নিশ্চয়কৈ অনুপ্ৰেৰণাদায়ক।

এই দিশৰ পৰা ৰাজীৱৰ যাত্ৰাই এই কথাও প্ৰতিপন্ন কৰে যে আৰ্থিকভাৱে সীমিত বা ভৌগোলিকভাৱে প্ৰান্তীয় পৰিৱেশৰ পৰা অহা এজন শিক্ষাৰ্থীয়েও শিক্ষা আৰু অধ্যৱসায়ৰ জৰিয়তে বিশ্বৰ বৃহত্তৰ বৌদ্ধিক পৰিসৰত নিজৰ স্থান নিৰ্মাণ কৰিব পাৰে। এই অৰ্থত উপন্যাসখন ড° ৰুবুল মাউতৰ "মোৰো এটা সপোন আছে"ৰ দৰে অনুপ্ৰেৰণামূলক আখ্যানৰ সৈতে তুলনীয়। কিন্তু নৈখন এতিয়া দূৰৈতৰ শক্তি এইখিনিতে যে লেখকে ৰাজীৱক কোনো আদৰ্শায়িত বা নিখুঁত চৰিত্ৰ হিচাপে নিৰ্মাণ কৰা নাই। তেওঁৰ সফলতাৰ সমান্তৰালভাৱে ব্যক্তিত্বৰ সীমাবদ্ধতা, নৈতিক অস্পষ্টতা আৰু অভ্যন্তৰীণ দ্বন্দ্বকো সমান গুৰুত্ব দিয়া হৈছে।

দিল্লীত অধ্যয়নৰ সময়ত একাধিক নাৰীৰ সৈতে তেওঁৰ ক্ষণস্থায়ী শাৰীৰিক সম্পৰ্ক আৰু আমেৰিকাতো অনুৰূপ সম্পৰ্কৰ পুনৰাবৃত্তিয়ে তেওঁৰ ব্যক্তিত্বৰ এক জটিল আৰু বিতৰ্কিত দিশ উন্মোচন কৰে। এই আচৰণক নৈতিকভাৱে সমৰ্থন কৰাৰ প্ৰয়োজন নাই; কিন্তু সাহিত্যিক বিচাৰত ইয়াক চৰিত্ৰটোৰ জটিলতা অনুধাৱনৰ এক উপাদান হিচাপে বিবেচনা কৰিব পাৰি। ৰাজীৱ কোনো নিখুঁত নায়ক নহয়; তেওঁ নিজৰ ভিতৰৰ দ্বন্দ্ব, আকাংক্ষা আৰু সীমাবদ্ধতাৰ সৈতে জড়িত এজন অসম্পূৰ্ণ মানুহ। সেই অসম্পূৰ্ণতাই চৰিত্ৰটোক অধিক বাস্তৱসন্মত কৰি তোলে আৰু পাঠকক তেওঁক কেৱল ‘নায়ক’ হিচাপে নহয়, বৰং এক জটিল মানৱ সত্তা হিচাপে বিচাৰ কৰিবলৈ বাধ্য কৰে।

উপন্যাসখনৰ অন্যতম কেন্দ্ৰীয় বিষয় অৱশ্যে বৰ্ণবাদ। ৰাজীৱে আমেৰিকাত উপস্থিত হোৱাৰ পাছত যি অভিজ্ঞতাৰ সন্মুখীন হয়, তাৰ মাজেৰে লেখকে পশ্চিমীয়া সমাজৰ এক তিতা আৰু বহু সময়ত উপেক্ষিত বাস্তৱতাক উন্মোচন কৰিছে। উন্নত প্ৰযুক্তি, আধুনিক শিক্ষা আৰু অৰ্থনৈতিক সমৃদ্ধিয়ে এখন সমাজক সভ্যতাৰ সকলো সংকটৰ পৰা মুক্ত নকৰে—এই সত্যটো উপন্যাসখনৰ বিভিন্ন ঘটনাৰ মাজেৰে প্ৰতিফলিত হৈছে। এজন ভাৰতীয় তথা অশ্বেতাংগ ব্যক্তি হিচাপে ৰাজীৱে যি বৈষম্য আৰু অৱজ্ঞাৰ অভিজ্ঞতা লাভ কৰে, সেয়া ব্যক্তিগত অভিজ্ঞতাৰ সীমা অতিক্ৰম কৰি এক বৃহত্তৰ সামাজিক বাস্তৱতাৰ প্ৰতিনিধিত্ব কৰে। নাইজেৰিয়াৰ গৱেষক যুৱতীগৰাকীৰ অভিজ্ঞতাই এই বাস্তৱতাক আৰু অধিক বিস্তৃত কৰে। ৰাজীৱ আৰু তেওঁৰ অভিজ্ঞতাই একেলগে দেখুৱায় যে আধুনিকতা আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ আঁৰতো বৰ্ণবাদী মানসিকতা সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা নাই।

ইয়াৰ লগতে উপন্যাসখনত আন্তঃজাতিক আৰু আন্তঃসাংস্কৃতিক সম্পৰ্কৰ জটিলতাও গুৰুত্বসহকাৰে উপস্থাপিত হৈছে। নেপালী যুৱতী নীলাক্ষী আৰু আমেৰিকান যুৱকৰ সম্পৰ্ক, ৰাজীৱৰ বান্ধৱী জুলী আৰু মাইকেলৰ সৈতে জড়িত সম্পৰ্ক, আৰু ৰাজীৱৰ প্ৰতি এগৰাকী আমেৰিকান বন্ধুৱে অনুভৱ কৰা ক্ৰোধ—এই ঘটনাসমূহে আধুনিক সম্পৰ্কৰ অনিশ্চয়তা আৰু নৈতিক জটিলতাক প্ৰতিফলিত কৰে। বিশেষকৈ ৰাজীৱে টনী মৰিছনৰ সাহিত্যৰ বিষয়ে অধিক জ্ঞান ৰখাৰ বাবে এগৰাকী আমেৰিকান বন্ধুৱে তেওঁৰ প্ৰতি ক্ৰোধ প্ৰকাশ কৰা ঘটনাটো সাংস্কৃতিক জ্ঞান, বৌদ্ধিক পৰিচয় আৰু ব্যক্তিগত সম্পৰ্কৰ এক তাৎপৰ্যপূৰ্ণ সংযোগ হিচাপে পঢ়িব পাৰি। ইয়াৰ জৰিয়তে লেখকে জ্ঞান আৰু পৰিচয়ৰ মাজত থকা ক্ষমতাৰ সম্পৰ্ককো পৰোক্ষভাৱে প্ৰশ্ন কৰিছে।

উপন্যাসখনৰ আন এক উল্লেখযোগ্য দিশ হৈছে ভাৰত আৰু আমেৰিকাৰ সামাজিক মূল্যবোধৰ তুলনামূলক উপস্থাপন। ৰাজীৱে আমেৰিকাত ব্যক্তিগত সময় আৰু ব্যক্তিগত পৰিসৰৰ প্ৰতি থকা সন্মানৰ এক ভিন্ন সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰে। পূৰ্বানুমতি অবিহনে ফোন কৰা বা ব্যক্তিগত সময়ত হস্তক্ষেপ কৰাটো তাত সহজভাৱে গ্ৰহণ কৰা নহয়। ইয়াৰ বিপৰীতে ভাৰতীয় সমাজৰ এক পৰম্পৰাগত চিত্ৰত পৰিয়াল আৰু সমাজে ব্যক্তিৰ জীৱনত তুলনামূলকভাৱে অধিক হস্তক্ষেপ কৰে। কোনো যুৱতী নিশা বহু সময়লৈ ঘৰলৈ উভতি নহ’লে পৰিয়াল, ওচৰ-চুবুৰীয়া আৰু সমাজত সৃষ্টি হোৱা উদ্বেগ তাৰ এক উদাহৰণ।

কিন্তু এই তুলনাক সৰল ‘ভাৰত বনাম আমেৰিকা’ৰ দ্বন্দ্ব হিচাপে পঢ়িলে উপন্যাসখনৰ গভীৰতা হ্ৰাস পাব। লেখকে কোনো এখন সমাজক সম্পূৰ্ণ আদৰ্শ আৰু আনখনক সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ হিচাপে উপস্থাপন কৰা নাই। বৰং ব্যক্তিস্বাধীনতা আৰু সামাজিক সম্পৰ্ক, ব্যক্তিগত পৰিসৰ আৰু সামূহিক দায়বদ্ধতা—এই দুয়োটাৰ মাজত থকা দ্বন্দ্বক তেওঁ এক নিৰীক্ষণধৰ্মী দৃষ্টিৰে পৰ্যবেক্ষণ কৰিছে। এই দৃষ্টিকোণৰ পৰা উপন্যাসখন কেৱল সাংস্কৃতিক পাৰ্থক্যৰ বৰ্ণনা নহয়; ই মানুহে ভিন্ন সামাজিক পৰিৱেশত নিজৰ স্বাধীনতা, সম্পৰ্ক আৰু পৰিচয়ক কেনেদৰে পুনৰ সংজ্ঞায়িত কৰে, তাৰো এক অনুসন্ধান।

কাহিনীৰ এক গুৰুত্বপূৰ্ণ আৰু মৰ্মস্পৰ্শী পৰ্যায়ত নাইজেৰিয়াৰ যুৱতীগৰাকীৰ সৈতে জড়িত এক হিংসাত্মক ঘটনাই ৰাজীৱৰ আমেৰিকাৰ প্ৰতি থকা দৃষ্টিভংগীত গভীৰ পৰিৱৰ্তন আনে। এই ঘটনাৰ পাছত তেওঁৰ ভিতৰত বিদেশৰ প্ৰতি মোহভংগৰ সৃষ্টি হয়। যি আমেৰিকা এসময়ত তেওঁৰ সপোনৰ দেশ আছিল আৰু য’ত তেওঁ নিজৰ ভৱিষ্যৎ নিৰ্মাণৰ সম্ভাৱনা দেখিছিল, সেই একেখন দেশেই ক্ৰমাৎ তেওঁৰ বাবে অচিনাকি আৰু দূৰৈৰ হৈ পৰে। এই মোহভংগ কেৱল এখন দেশৰ প্ৰতি হতাশা নহয়; ই প্ৰব্ৰজনৰ অন্তৰ্নিহিত মানসিক সংকটৰো প্ৰতিফলন। বিদেশলৈ যোৱাৰ সপোন পূৰণ হোৱাৰ পাছতো মানুহে নিজৰ পৰিচয়, শিপা আৰু অস্তিত্বৰ প্ৰশ্নৰ পৰা মুক্তি নাপায়।

অৱশেষত ৰাজীৱৰ অসমলৈ উভতি অহা সেয়ে কেৱল ভৌগোলিক প্ৰত্যাৱৰ্তন নহয়; ই এক আত্মিক আৰু অস্তিত্বগত প্ৰত্যাৱৰ্তন। উপন্যাসখনৰ অন্তিম অধ্যায়ত তেওঁ যেন নিজকে পুনৰ আৱিষ্কাৰ কৰে। বিদেশত বিচাৰি ফুৰা নিজৰ পৰিচয় আৰু জীৱনৰ প্ৰকৃত অৰ্থ তেওঁ নিজৰ শিপাৰ মাজতেই বিচাৰি পায়। তেওঁৰ দেউতাকে যি কৰিব নোৱাৰিলে, সেই অসম্পূৰ্ণ দায়িত্ব নিজে গ্ৰহণ কৰাৰ সংকল্পই তেওঁৰ চৰিত্ৰত এক মৌলিক পৰিৱৰ্তন সূচায়। আইতাকৰ পুৰণি গাঁওখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰা, গাঁৱৰ ল’ৰা-ছোৱালীক উন্নত শিক্ষা প্ৰদান কৰা আৰু তেওঁলোকক ভাল মানুহ হিচাপে গঢ়ি তোলাৰ আকাংক্ষা তেওঁৰ আত্ম-অন্বেষণৰ চূড়ান্ত পৰিণতি।

আমেৰিকাৰ পৰা অহা তেওঁৰ দুই বান্ধৱী কেট আৰু জুলীয়ে তেওঁক পুনৰ সেই দেশলৈ উভতি যাবলৈ প্ৰলোভিত কৰিলেও ৰাজীৱে নিজৰ মাতৃভূমি এৰি নাযায়। এই সিদ্ধান্তক কেৱল দেশপ্ৰেমৰ সৰল প্ৰকাশ হিচাপে পঢ়িলে ইয়াৰ তাৎপৰ্য সম্পূৰ্ণৰূপে ধৰা নপৰে। বৰং ইয়াক নিজৰ অস্তিত্বৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক সচেতন সিদ্ধান্ত হিচাপে চাব পাৰি। ৰাজীৱে উপলব্ধি কৰে যে মানুহে পৃথিৱীৰ যিকোনো প্ৰান্তত গৈ সফলতা লাভ কৰিব পাৰে, কিন্তু নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ থাকিলে সেই সফলতাই সদায় আত্মিক পূৰ্ণতা প্ৰদান নকৰে।

ইয়াতেই উপন্যাসখনৰ শিৰোনামাটোৰ প্ৰকৃত তাৎপৰ্য উন্মোচিত হয়। ‘নৈ’ কেৱল এখন নৈ নহয়; ই ৰাজীৱৰ শৈশৱ, গাঁও, শিপা, মাতৃভূমি আৰু প্ৰকৃত পৰিচয়ৰ প্ৰতীক। আমেৰিকালৈ যোৱাৰ সপোন পূৰণ কৰোঁতে তেওঁ সেই নৈৰ পৰা আঁতৰি গৈছিল। কিন্তু জীৱনৰ এক পৰ্যায়ত আহি তেওঁ উপলব্ধি কৰে যে যি সপোনৰ পিছত তেওঁ ইমান দূৰলৈ গৈছিল, সেই সপোনেই তেওঁক নিজৰ শিপাৰ পৰা আঁতৰাই লৈ গৈছিল। সেয়েহে ‘নৈখন এতিয়া দূৰৈত’ এক গভীৰ অস্তিত্ববাদী উপলব্ধিৰ প্ৰকাশ। এয়া কেৱল ভৌগোলিক দূৰত্বৰ কথা নহয়; এয়া নিজৰ অতীত, শিপা আৰু প্ৰকৃত পৰিচয়ৰ পৰা সৃষ্টি হোৱা মানসিক দূৰত্বৰ কথাও।

সামগ্ৰিকভাৱে নৈখন এতিয়া দূৰৈত কেৱল এজন অসমীয়া যুৱকৰ বিদেশযাত্ৰাৰ কাহিনী নহয়। ই একে সময়তে প্ৰব্ৰজন, সপোন, বৰ্ণবাদ, সাংস্কৃতিক সংঘাত, ব্যক্তিস্বাধীনতা, মানৱীয় সম্পৰ্ক আৰু আত্ম-পৰিচয়ৰ সন্ধানৰ কাহিনী। ৰাজীৱৰ যাত্ৰা অসমৰ এখন সৰু গাঁৱৰ পৰা আমেৰিকালৈ আৰু পুনৰ অসমলৈ উভতি অহাৰ যাত্ৰা হ’লেও, প্ৰকৃত অৰ্থত ই বাহ্যিক ভ্ৰমণতকৈ অধিক এক অন্তৰ্যাত্ৰা। তেওঁ বিদেশলৈ গৈ পৃথিৱীখনক চিনি পায়, কিন্তু শেষত নিজৰ ভিতৰখনকহে আৱিষ্কাৰ কৰে।

এই উপন্যাসখনৰ তাৎপৰ্য এইখিনিতে যে ই পাঠকক কেৱল বিদেশৰ প্ৰতি থকা মোহ বা মাতৃভূমিৰ প্ৰতি থকা আবেগৰ মাজত কোনো এটা বাছি ল’বলৈ বাধ্য নকৰে। বৰং ই প্ৰশ্ন কৰে—মানুহে কিমান দূৰলৈ গ’লেহে নিজৰ পৰা আঁতৰি যায়? আৰু নিজৰ পৰা আঁতৰি যোৱাৰ পাছত পুনৰ নিজলৈ উভতি অহাৰ পথটো ক’ত? ৰাজীৱৰ যাত্ৰাই দেখুৱায় যে বাহিৰৰ পৃথিৱীখনক আৱিষ্কাৰ কৰাৰ যাত্ৰা কেতিয়াবা নিজৰ ভিতৰখনক আৱিষ্কাৰ কৰাৰ যাত্ৰালৈ ৰূপান্তৰিত হয়।

এই অৰ্থত নৈখন এতিয়া দূৰৈত এক উল্লেখযোগ্য সমকালীন উপন্যাস। এখন নৈ ক্ৰমাৎ দূৰলৈ আঁতৰি যোৱাৰ ৰূপকৰ মাজেৰে লেখকে এজন মানুহৰ শিপাৰ পৰা বিচ্ছিন্নতা আৰু পুনৰ সেই শিপালৈ ঘূৰি অহাৰ এক গভীৰ মানৱীয় কাহিনী নিৰ্মাণ কৰিছে। উপন্যাসখন পঢ়ি অনুভৱ হয় যে লেখকে আমেৰিকাৰ সমাজৰ এক ‘তিতা’ আৰু বহু সময়ত আমাৰ দৃষ্টিৰ পৰা আঁতৰি থকা বাস্তৱতাক শব্দৰ মাজেৰে উন্মোচন কৰাৰ লগতে অসমৰ সমাজ, মানুহ, শিপা আৰু নিজৰ ঠাইখনকো এক নতুন দৃষ্টিৰে চাবলৈ বাধ্য কৰিছে।

সেয়েহে নৈখন এতিয়া দূৰৈত কেৱল পঢ়িবলগীয়া এখন উপন্যাস নহয়; ই বুজিবলৈ, প্ৰশ্ন কৰিবলৈ আৰু নিজৰ সৈতে মুখামুখি হ’বলৈ বাধ্য কৰা এখন কিতাপ। ইয়াৰ নৈখন দূৰৈত, কিন্তু সেই দূৰত্বই শেষত পাঠকক নিজৰ ওচৰলৈহে লৈ আহে।

নয়নজ্যোতি বৰুৱা
Displaying 1 - 2 of 2 reviews