Jump to ratings and reviews
Rate this book

Bakul Phular Dare

Rate this book
মানুহৰ জীৱন নানান স্তৰেৰে গঠিত। তাৰে ভিতৰত শৈশৱ কাল হ'ল ফুলৰ পাপৰিৰ দৰে। কিন্তু এই ফুলৰ পাপৰি জানো জীৱন ধুমূহাক নেওচিব পৰাকে শক্তিশালী হয়? মৃণাল কলিতা (Mrinal Kalita) ৰ দ্বাৰা ৰচিত আৰু বান্ধৱ দ্বাৰা প্ৰকাশিত কিতাপ খনত বৰ্ণিত আছে সংঘৰ্ষৰ মাজেদি অসীমে কৰা এক যাত্ৰা যত আছে তাৰ সহযোগী, শুভাকাংক্ষী নিৰ্মল আৰু অনুভৱ ৰ দৰে চৰিত্ৰ। কষ্টকৰ জীৱনৰ প্ৰতিৰোধক নেওচি অসীমে তাৰ লক্ষ্যত উপনীত হব পাৰিবনে? নিৰ্মল ৰ দৰে বন্ধু বাস্তৱত সম্ভৱ নে বা অনুভৱ ৰ দৰে ভাবিব পৰা মানুহ আছে নে?

184 pages, Hardcover

First published January 1, 2020

24 people are currently reading
305 people want to read

About the author

Dr. Mrinal Chandra Kakita

1 book10 followers

Ratings & Reviews

What do you think?
Rate this book

Friends & Following

Create a free account to discover what your friends think of this book!

Community Reviews

5 stars
44 (66%)
4 stars
17 (25%)
3 stars
2 (3%)
2 stars
1 (1%)
1 star
2 (3%)
Displaying 1 - 12 of 12 reviews
11 reviews1 follower
January 16, 2023
Initially, after I came to know that the author has been awarded Sahitya Akademi's Bal Puraskar (শিশু সাহিত্য বঁটা) for this book, I did not anticipate that the story could involve deep topics causing fissures in the society such as alcohol abuse, school dropout problem, abuse by teachers in a subtle yet quite meaningful way.

Through the character Anubhav (অনুভৱ) and his monologues, the author discusses the pressing issues mentioned above. Kudos to the author for questioning the status quo and the prevailing attitude of the people. Questions where one character asks ' ঐতিহ্য ৰক্ষাৰ দায়িত্ব নাৰীৰ ?' are noteworthy because it can make readers, especially the youth be critical of gender bias among the people.

I didn't agree to oversimplification of some issues although it can be pointed that the book is targeted towards a younger audience and hence the author didn't want to go in detail. Moreover, the character of the old Mathematics teacher Mahendra ( মহেন্দ্ৰ মাষ্টৰ )felt like he was absolved of his abusive tendencies shown in the beginning; I felt that even though he changed towards the end but his overly strict and borderline abusive personality could be more critical since it is very common in schools across Assam(actually the entire country) for the teacher to be almost like a Godlike figure who cannot be condemned.

Altogether, if we overlook these minor flaws, I would recommend this book to everyone, regardless of their age.
Profile Image for Laba Deka.
39 reviews1 follower
October 29, 2022
The story is so beautiful.
This is a tale of love ,of friendship, of the importance of hardwork,and most importantly the role of teachers in our lives.

So many moments throughout the book made me teary eyed , it really has one of the best examples of friendship in a book,two friends that care for each other ,have mutual respect for each other , help each other become better human beings . Truly wonderful.
Profile Image for ritupon deori.
82 reviews1 follower
August 2, 2022
My first book to have read in assamese language.. such an amazing book. Emotional, thoughtful and inspirational story about ashim and nirmal .
1 review
June 24, 2025
Mujhe yeh book padna hai
This entire review has been hidden because of spoilers.
11 reviews
March 20, 2024
In the Assamese textbook of class 9, we had a chapter similar to the story of this book. I got so captivated by that short story that I read it multiple times during the span of the year.
That was when I first discovered about the book named "বকুল ফুলৰ দৰে", which ultimately turned out to be a masterpiece.
The best part of this book was the moment ashim's Father changed himself! Indeed the struggles of Ashim and Nirmal,the eventual result that they were able to achieve , is the most inspirational ever!
When Nirmal said, " পৃথিৱীখন বহুত ধুনীয়া ছাৰ। আপুনি আছে, অসীম আছে, মোৰ মা দেউতা আছে। মই ৰোৱা বকুলজোপা আছে। বাঢ়ি আহি আহি এসময়ত বকুল জোপাই ডাল পাত মেলি এজোপা ডাঙৰ গছ হৈ পৰিব। তাত ফুল ফুলিব! মোৰ চাবলৈ বৰ মন যায় ছাৰ।
মোৰ বহুদিন জীয়াই থাকিবলৈ নম যায় ছাৰ!" I was all i could do to control my emotions. I would say this is the most touching and emotional book ever!
This book doesn't only provide the reader entertainment, but it makes the reader enter a different world, wherein we discover the roughness of life and read about the two young boys, who fight against life, never losing faith in one another, never focusing on their own lives completely such that they'll forget about others.

Untill now, whenever someone asked me "What's your favourite book?" , I replied "None, I like all of the books that I read."

But after reading this masterpiece?

My instant reply would be, "বকুল ফুলৰ দৰে"!
Profile Image for Honey~.
1 review
March 6, 2024
" মানুহৰ মনটো ইচ্ছা গ'লেই সলনি কৰিব পৰা কিতাপ নহয়। মানুহৰ মনটো কিজানি কেতিয়াও শেষ নোহোৱা এখন বহীৰ দৰে।দিনে দিনে তাত নতুন নতুন কথা লিখা হৈ গৈ থাকে। এই বহীখন কেতিয়াও সলনি কৰিব নোৱাৰি। মন গ'লেও নোৱাৰি। খুব বেছি কাট-কুট কৰিব পাৰি। কিন্তু কাট- কুটৰ চিনবোৰ তাত থাকি যায়। যেনেকৈ আজি অসীমৰ মনৰ বহীখনত এটা কাট - কুট হৈ গ'ল। যোৱা ৰাতি হয়তো উজাগৰে কটাই আশাৰে লিখা কথা এটা আজি ৰাতিপুৱা অসীমে কাটি পেলাব লগা হ'ল। এই কাট-কুটটো এটা লেতেৰা দাগৰ দৰে থাকি যাব বহীখনত।"

প্ৰতিখন কিতাপেই এক নতুন অভিজ্ঞতা - এই কথাষাৰত হয়টো প্ৰতিজন কিতাপ প্ৰেমিয়ে হয়ভৰ দিব। কিন্তু মাজে সময়ে কিতাপ এখনে আমাক এনে এক অভিজ্ঞতা দি যায় যি আমি পাহৰিব নুখুজো আৰু হয়টো পাহৰিব নোৱাৰোও। ড° মৃণাল কলিতাৰ 'বকুল ফুলৰ দৰে' কিতাপখন হয়টো এনে এখন উপন্যাস। এই উপন্যাসখন নিৰ্মল আৰু অসীম - এখন সৰু গাঁৱৰ দুজন ষোল্ল বছৰীয়া ল'ৰাৰ সংগ্ৰাম আৰু উত্তৰণৰ কাহিনী। এজনৰ নিজৰ ঘৰৰ প্ৰতিকুল পৰিস্থিতিৰ বিৰুদ্ধে সংগ্ৰাম। আনজনৰ নিজৰ শৰীৰত জন্মতে লৈ অহা ত্ৰুটিৰ বিৰুদ্ধে সংগ্ৰাম। এই দুয়ো কিশোৰৰ জীৱন যুঁজৰ মাজেৰে উপন্যাসখনত উদঙাই দিয়া হৈছে আমাৰ সামাজিক, ৰাজনৈতিক তথা শিক্ষা ব্যৱস্থাৰ ত্ৰুটিবোৰ। বকুল ফুলৰ দৰে হৈছে বন্ধুত্ব, আত্মীয়তা, মানৱতা আৰু আৱেগ-অনুভূতিৰ এক কাহিনী।
আশা কৰোঁ যেন এই কাহিনী, এই অভিজ্ঞতা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনত এবাৰ হ'লেও উপভোগ কৰে।
Profile Image for Divyanshu Bora.
3 reviews
July 22, 2024
জুলাই মাহৰ আৰম্ভণিতে বৰ্তমান গুৱাহাটীত অৱস্থিত মাখন ককা (Prabhat Bora) আৰু জুৰি আইতা (Lyra Neog Bora)ৰ ঘৰলৈ গৰমৰ বন্ধৰ কাৰণে কিছুদিনৰ বাবে থকাকৈ গৈছিলোঁ। গুৱাহাটীত থকাৰ সময়ছোৱাত মাখন ককা আৰু জুৰি আইতাই আমাক (মোক আৰু ভাইটিক) প্ৰায় সম্পূৰ্ণ মহানগৰখনৰ লগতে চিনাকি কৰাই দিলে। তাৰোপৰি তাত থকাৰ সময়ছোৱাত মাখন ককাৰ লগত সাহিত্য, কলা আৰু সংগীতৰ সম্পৰ্কে হোৱা কথোপকথনৰ পৰা বহুত কথাই শিকিবলৈ পালোঁ। এনেতে এদিন ককাৰ লগত কথা পাতি থাকোতে "বকুল ফুলৰ দৰে" ৰ স্ৰষ্টা ড° মৃণাল কলিতা (Mrinal Kalita) ছাৰে ককাই ফেচবুকত লিখা শ্ৰদ্ধাঞ্জলিৰ পোষ্ট এটাত লাইক কৰাৰ কথাটো মনত পৰাত মই ককাক সুধিছিলোঁ যে তেওঁৰ লগত ছাৰৰ চিনাকি নেকি! তেতিয়া ককাই মোক কৈছিল যে ছাৰৰ সৈতে ককাৰ সম্পৰ্ক খুবেই ভাল আৰু তেখেতৰ ২০২১ চনত সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা প্ৰাপ্ত "বকুল ফুলৰ দৰে" নামৰ উপন্যাসখন ককাৰ খুব প্ৰিয়। ময়ো ককাক জনালোঁ যে মোৰো উপন্যাসখন পঢ়াৰ বৰ হেঁপাহ। মোৰ উপন্যাসখন পঢ়াৰ উত্তেজনাৰ কথা জানিবলৈ পাই ককাই তেওঁৰ ব্যক্তিগত পুথিভঁৰালৰ পৰা উপন্যাসখন আনি মোলৈ আগবঢ়াই দি কৈছিল যে এই উপন্যাসখন অনুপ্ৰেৰণাৰে পৰিপূৰ্ণ আৰু সকলো ছাত্ৰ-ছাত্ৰীয়ে এই উপন্যাসখন পঢ়াটো আৱশ্যক। মোৰ যেন ফূৰ্তিৰ সীমা নোহোৱা হৈছিল আৰু প্ৰায় সেই মূহুৰ্তৰ পৰাই উপন্যাসখন পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ।
কালি নিশা উপন্যাসখন পঢ়ি শেষ কৰিলোঁ আৰু সঁচাকৈ ক'বলৈ গ'লে উপন্যাসখনৰ কাহিনীয়ে পঢ়ুৱৈক সাংঘাতিক ধৰণে অনুপ্ৰাণিত কৰি তুলিব পাৰে। আত্মবিশ্বাস, একাগ্ৰতা, এজন সঁচা বন্ধু আৰু এজন আদৰ্শ শিক্ষক থাকিলে যে জীৱনৰ কোনো প্ৰতিবন্ধকতাই সফলতাৰ পথত বাধাৰ সৃষ্টি কৰিব নোৱাৰে, সেইকথাই লেখক কলিতা ছাৰে প্ৰমাণ কৰিলে অসীমৰ জীৱন কাহিনীৰে। একধৰণৰ অচিন অনুপ্ৰেৰণাৰে যেন মনটো ভৰি পৰিল। উপন্যাসখন পঢ়াৰ এসপ্তাহৰ সময়ছোৱাত মোৰ এনে অনুভৱ হৈছিল যেন মই নিজ চকুৰে অসীম আৰু নিৰ্মলৰ জীৱন কাহিনী উপভোগ কৰি আছিলোঁ। ঈশ্বৰে এজনক কোনোবা এটা দিশৰপৰা বঞ্চিত কৰিলে তাৰ বিকল্প হিচ��পে তেওঁক আন এটা দিশত পৰিপূৰ্ণ কৰি তোলে, এই কথাষাৰ সৰুৰেপৰা শুনি আহিছিলোঁ যদিও লেখক কলিতা ছাৰে এই উপন্যাসখনৰ অসীম চৰিত্ৰটোৰ জীৱন কাহিনীৰ যোগেদি কথাষাৰ প্ৰমাণ কৰি‌ দিলে। অসীমৰ নানান ঘৰুৱা সমস্যা আৰু প্ৰতিবন্ধকতা থকাৰ স্বত্তেও তাক নিৰন্তৰ অনুপ্ৰাণিত কৰা আৰু উচিত উপদেশ দিয়া নিৰ্মলৰ দৰে এজন বন্ধু আৰু অনুভৱ মাষ্টৰৰ দৰে এজন শিক্ষক পোৱাৰ বাবে সি ভাগ্যৱান। অসীম আৰু নিৰ্মলৰ বন্ধুত্বৰ কাহিনী সঁচাকৈয়ে হৃদয়স্পৰ্শী। নিৰ্মল নামৰ চৰিত্ৰটো এজন সঁচা বন্ধু হোৱাৰ উপৰিও সি নিজৰ লগতে আনৰ উপকাৰৰ বাবেও নিস্বাৰ্থভাৱে সহায় কৰাৰ স্বভাৱটোও বেচ আকৰ্ষণীয়। অনুভৱ মাষ্টৰৰ চৰিত্ৰটো এজন আদৰ্শ শিক্ষক হোৱাৰ উপৰিও এজন জ্ঞানী, গুণী আৰু বহল মনোভাৱৰ মানুহ হিচাপে উপন্যাসখনত বৰ্ণনা কৰা হৈছে, যিজনে এজন শিক্ষকৰ প্ৰকৃত কৰ্তব্যৰ বিষয়ে নিজ কামৰ যোগেদি সকলোকে পুনৰবাৰ সুঁৱৰাই দিয়ে। তেখেতৰ জিলমিল নামৰ হাঁহিমুখীয়া শিক্ষয়িত্ৰী এগৰাকীৰ চৰিত্ৰটোৰ সৈতে হোৱা উচ্চ চিন্তাধাৰাৰ বাৰ্তালাপসমূহো লেখত ল'বলগীয়া। তাৰোপৰি আন আন চৰিত্ৰসমূহ যেনেকৈ মহেন্দ্ৰ মাষ্টৰ, আজলী, অসীমৰ মাতৃ ইত্যাদি চৰিত্ৰসমূহৰ উপন্যাসখনত ভূমিকা লেখত ল'বলগীয়া।
উপন্যাসখনৰ শেষৰফালে কোনোবা এজনে ঠিকেই লিখিছে, "কিছুমান কিতাপক ৰেটিং দিব পৰা নাযায়। এইখন কিতাপো মোৰ বাবে তেনে এখন কিতাপ।" মোৰ বোধেৰে এই উপন্যাসখন সকলো বয়সৰ পাঠকে পঢ়ি আনন্দিত আৰু অনুপ্ৰাণিত হ'ব বুলি মোৰ বিশ্বাস। তাৰোপৰি এই উপন্যাসখন সকলো কণমানি শিশুৱে পঢ়াটো উচিত বুলি মই ভাবো কাৰণ উপন্যাসখনৰ ভাষা একেবাৰে সহজ, তাৰোপৰি অসীম আৰু নিৰ্মলৰ জীৱন কাহিনীৰ পৰা তেওঁলোকৰ মনত এটা বিশ্বাসে জন্ম ল'বলৈ সুবিধা পাব যে আত্মবিশ্বাস, একাগ্ৰতা, ভাল সংগ আৰু সঠিক পৰামৰ্শৰ সহায়ত কোনো প্ৰতিবন্ধকতাই সফলতাৰ পথত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।

দিব্যাংশু বৰা
বি.এ. পঞ্চম ষান্মাসিক, ইংৰাজী বিভাগ
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়
নগাঁও, অসম
Profile Image for Anamika.
12 reviews18 followers
January 6, 2025
I don’t know what to write. I am a new reader in the world of Assamese novels. I have read ‘Moromor deuta’ by Dr. Bhabendra Nath Saikia. That was a masterpiece,still it is. The reason I mentioned the book is these two books have two different stories but looks like a complement to each other. Bakul phulor dore is a whole gathering of pure emotions, struggles, age and barriers, societal barriers, solution seeking write up. I won’t dare to rate it with my futile exposure to this new world. My respect for the author has increased and I am now sad that I have finished the book at a stretch. When I started to read the book I can not stop myself from ending it and now that it has ended, I am at pain. Eagerly waiting for his next piece of writing. Hats off to his observation, thinking and dimension analysis skills. Lots of love to my dearest Nirmal,Asim Mahendra mastor and Anubhob mastor ❤️
Profile Image for Rupalim ( earlier Monotropism).
158 reviews9 followers
April 15, 2023
Really wholesome book of love and friendship, masculinity and redemption and indomitable spirit. Brought me to many places.


Slight spoiler.....

Especially the scenes that describe Mohendra Mastor's love and affection for his "jewel" of a student. When he reaches out to Oxim first, the way he waits every morning to check that Oxim is doing alright and moving on the right path and especially the reveal when we find out that Nirmal saw Mastor bringing out cotton and Dettol for Oxim 's first aid.

The relationship between Normal and Oxim is cheff's kiss. I am glad they have each other. Wonderful book overall
Profile Image for Kapil.
10 reviews
October 3, 2023
After a very long time I picked up this beautiful piece of art and let me tell you it is one of the most beautiful book that I have ever read in my life. This book talks about teenage struggles, family dynamics, importance of education, views of general public and male friendship. It is a roller coaster of emotions. I love the ending so much. I adore this book. I want to thank the author for writing such a beautiful book. Every teenager must read this book.
Displaying 1 - 12 of 12 reviews

Can't find what you're looking for?

Get help and learn more about the design.